যিকোনো এটা বাণিজ্যিক প্ৰতিষ্ঠানত দীৰ্ঘসময়ৰ বাবে পুঁজি বা মূলধন বিনিয়োগ কৰিব বিচাৰিলে প্ৰতিষ্ঠানটোৱে কি ব্যৱসায় কৰে সেয়া ভালদৰে জানি বুজি লোৱা অতি প্ৰয়োজন । বাণিজ্যিক প্ৰতিষ্ঠানটোৰ অৰ্থনৈতিক সুস্থিৰতা, ভৱিষ্যতৰ সম্ভাৱনা আদিৰ খবৰ লোৱাৰ বাবে ব্যৱহৃত প্ৰণালীবদ্ধ অধ্যয়নকে চমুকৈ মৌলিক বিশ্লেষণ বুলিব পাৰি । মৌলিক বিশ্লেষণত ভাল বা সুস্থিৰ প্ৰতিপন্ন হোৱা প্ৰতিষ্ঠানসমূহে দীৰ্ঘ সময়ৰ বাবে (৫ – ১০ বছৰ) বিনিয়োগ কৰি ৰখা পুঁজিক এটা আকৰ্ষণীয় আৰ্থিক সম্পদলৈ ৰূপান্তৰ কৰিব পাৰে । এই পাঠ্যক্ৰমত মৌলিক বিশ্লেষণৰ বাবে প্ৰয়োজনীয় প্ৰাৰম্ভিক জ্ঞানৰ বিশদ বিৱৰণ দিয়া হৈছে । পাঠ্যক্ৰম খৰচি মাৰি পঢ়াৰ অন্তত এগৰাকী পঢ়ুৱৈয়ে যিকোনো এটা বাণিজ্যিক প্ৰতিষ্ঠান বা কোম্পানীৰ অৰ্থনৈতিক সম্ভাৱনীয়তাৰ বিশ্লেষন কৰিব পৰা হৈ উঠিব বুলি আমি আশাবাদী ।
TechFin Academy is proudly powered by WordPress